যোগাসনৰ কৌশল বিধিঃ ভূজঙ্গাসনৰ উপকাৰিতা আৰু গুৰুত্ব । বিজয় চেতিয়া, ২৫-০৪-২০২০

Bhujangasan, importance of Bhujangasan, pose of Bhujangasan
Bhujangasan, importance of Bhujangasan, pose of Bhujangasan

              ভূজঙ্গাসনৰ বৈশিষ্ট্য হল ই দেখাত ফেটী সাপে ফেট তুলি থকা মুহূৰ্ত এটাৰ দৰে। প্ৰথমতে এডোখৰ সমান ঠাইত তললৈ পেট পেলাই ভৰি দুখন লগলগাই পোন কৰি আৰামেৰে ৰওক। এই আসন আমাৰ কঁকাল আৰু ৰাজহাঁড়েদি যোৱা স্নায়ুডালৰ বাবে অতি উপকাৰী। স্বাভাৱিক উশাহ-নিশাহ বৰ্তাই ৰখাটো এই আসন বা আন আসনৰ বাবে জৰুৰী।দুয়োখন হাতৰ তলুৱা পেলাই বুকুৰ দুয়ো কাষে ৰাখি, হাত দুখনত ভেজা দি প্ৰথমতে মুৰটো দাঙি বুকুখনো ওপৰলৈ তোলক নাভিলৈকে।যিমান পাৰি দেহৰ অগ্ৰাংশ ওপৰলৈ নিয়ক। ইয়াতে এটা কথা দেহটো কিমান লেও-সেও, সেই অনুযায়ীহে আপোনাৰ আগছোৱা দাঙ খাব। কঁকালৰ পৰা দেহৰ তলৰছোৱা আগৰ দৰে পোন কৰি ৰাখক। আপুনি যদি প্ৰথমবাৰ এই আসন কৰিছে তেন্তে ৫ চেকেণ্ডৰ বাবেহে এই আসনত থাকিব। মাজতে ৩০ চেকেণ্ডমান বিৰতি দি আসনটো পুনৰাবৃত্তি কৰক। দুই-তিনিদিনৰ পাছৰ পৰা ভূজঙ্গাসন কছৰতৰ সময় ১০ চেকেণ্ড, ২০ চেকেণ্ড, ৩০ চেকেণ্ডলৈ বঢ়াই নিব পাৰিব।

              উপকাৰিতাঃ ভূজঙ্গাসনত থকাৰ সময়ত দেহটোৰ সকলো পেশীত জোৰ পৰে আৰু সম্প্ৰসাৰণ ঘটে। পেশীবোৰত স্থিতিস্থাপকতা স্বাভাৱিক হয়, ৰাজহাড়ঁ ডালে আৰাম পায়।ৰাজহাড়ঁত হব লগা ব্যাধি দূৰ হয়। ৰাজহাড়ঁত থকা স্নায়ুডাল স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। আজিকালিৰ ব্যস্ততাৰ দিনত আমাৰ দেহটো ভুল ভংগীমাত বহা, থিয় হোৱা, খোজ কঢ়া, শাৰিৰীক পৰিশ্ৰম বা শুৱাৰ বাবে কঁকাল, ৰাজহাড়ঁ আৰু মেৰুদণ্ড ডালৰ বিষ বা বিকাৰ সংকটজনক অৱস্থা পায়গৈ। সেইবাবে আমাৰ কঁকালৰ সকলো সমস্যাৰ সফল সমাধানৰ বাবে ভূজঙ্গাসন নিয়মিত আৰু একান্তচিত্ৰে অভ্যাস কৰাৰ সমান আন একো নাই। ভূজঙ্গাসনে পেটৰ সমস্ত পেশী টানি স্বাভাৱিক স্থানলৈ লৈ আনে। পেটৰ পেশী ওলমি যোৱা বা পেটত চৰ্বি জমা হোৱাত বাধা প্ৰধান কৰে। মূত্ৰস্থলীৰ পেশী বা মহিলাৰ জৰায়ু সুস্থ-সবল হয়। পুৰুষৰ নৈশ স্খলন বা মহিলাৰ বগাস্ব্ৰাৱ ব্যাধি সমস্যাত ভূজঙ্গাসনে মহৌষধৰ দৰে কাম কৰে। মহিলাৰ অনিয়মিত ঋতুস্ব্ৰাৱ নিয়মিত কৰে।ভূজঙ্গাসনে বুকুৰ আভ্যন্তৰীণ বিসংগতি গঠন দূৰ কৰি হাওঁফাওঁৰ সক্ৰিয়তা সবল কৰে। কৌষ্ঠকাঠিন্য সমস্যা দূৰ হয়। নিষ্ঠা আৰু নিয়মিতভাৱে ভূজঙ্গাসনৰ অভ্যাসে অসহনীয় পেটৰ গেচৰ সমস্যা নাইকীয়া কৰে।ভূজঙ্গাসনৰ চাপৰ ফলত এড্ৰীনেল গ্ৰন্থী অধিক সক্ৰিয়হৈ দেহৰ সমস্ত অংগতে ৰক্তৰ চলাচল সূচাৰুৰূপে আৰু নিয়ন্ত্ৰিত হয়। যকৃৎ আৰু আন অংগইও এই আসনৰ চাপত সুস্থ আৰু স্বাভাৱিকভাৱে কাৰ্য কৰে। প্ৰকৃততে ভূজঙ্গাসনৰ উপকাৰিতা আৰু গুৰুত্ব চমুকৈ কৈ শেষ কৰিব নোৱাৰি। সুস্থ-সবল দেহৰ অধিকাৰী হবলৈ প্ৰতিজন সচেতন ব্যক্তিয়ে নিষ্ঠা আৰু নিয়মিতভাৱে ভূজঙ্গাসনৰ অভ্যাস গঢ়ি তুলিব লাগিব।

Advertisements

Leave a Reply