শৰ্মা দা- হে’ৰা শুনাচোন ৷ বৌ – কি ?

কৈলাশ বকতিয়াল

শৰ্মা দা- হে’ৰা শুনাচোন ৷
বৌ – কি ?
শৰ্মা দা – নহয় হে , বহুত দিন তোমাৰ মৰমৰ মাত এষাৰ শুনিবলৈ পোৱা নাই ৷ অলপ মৰমেৰে মাত এষাৰ মাতা হে ৷
বৌ – ধেমালি খন কৰি নাথাকিবা এতিয়া ৷ মই ব্যস্ত হৈ আছোঁ ৷
শৰ্মা দা – অ’ আই , কিহত ব্যস্ত আছানো ? মই থাকোঁতে তুমি ব্যস্ত হ’ব লাগে কিয় হয় ৷ দিয়া , দিয়া কি কাম আছে দিয়া ৷ মই কৰি দিওঁ ৷
বৌ – নালাগে সহায় কৰিব তুমি ৷ মই এতিয়া এই বকতিয়াল , ভূঞা , ডাক্তৰ দাদা আৰু পৰ ভাত দাই তোমাৰ বিষয়ে কি লিখিছে পঢ়ি আছোঁ ৷ আমনি কৰি নাথাকিবা ৷
দাদা – এই কেইজনৰ লকডাউন বুলি কাম বন নাই , সেইবোৰকে সাজি সাজি লিখি আছে আউ বুইছা ৷ অকণো বিশ্বাস নকৰিবা সেইবোৰ কথা ৷
বৌ – মইতো গম পাইছোঁৱেই এইবোৰ মিছা বুলি ৷ পিছে এটা কথা ভাবিছোঁ বুইছা ৷ তোমাৰ সঁচা কথাবোৰকে মই ফেচবুকত লিখি পেলাওঁ দিয়া ৷ ভাল এখন ৰস উপন্যাস হৈ পৰিব গৈ ৷ অৱশ্যে এই অসমীয়াত লিখি থকা কাৰবাৰটো বৰ আমনি লগা ৷ নহ’লে ভূঞা বা বকতিয়ালক ফোন কৰিয়েই তোমাৰ কাহিনীবোৰ কৈ দিওঁ নেকি ? তেওঁলোকেই লিখক নহ’লে ৷সঁচা কাহিনীবোৰ পঢ়ি সকলোৱে ৰস পাব বুইছা ৷

এইখিনি কথা শেষ কৰি বৌয়ে তেওঁৰ সমুখত হাতযোৰ কৰি মুখেৰে কিবাকিবি বিৰবিৰাই থকা দাদাক অভয় মুদ্ৰা দেখুৱাই আকৌ ক’বলৈ ধৰিলে, — হ’ব দিয়া , হ’ব দিয়া ৷ মই বাৰু তোমাৰ কাহিনী নিলিখোঁও , কাকো নকওঁও ৷ এতিয়া এটা কাম কৰা – সৌ তাতে আলু পিঁয়াজ অনা পুৰণা পলিথিনৰ পেকেটবোৰ দমাই থৈছোঁ ৷ তাৰে এটা বাওঁহাতত পিন্ধি লৈ ৰাতিপুৱাৰে পৰা দম খাই থকা বাচন সোপা ধুই পেলোৱা ৷ চাবা আকৌ ফটাকাণিৰ বেণ্ডেজবোৰ যাতে নিতিতে ৷ ১৫ চনৰ বহাগ বিহু বুলি কিনা তোমাৰ গেঞ্জী দুটা তোমাৰ আঙুলিৰ ঘাঁ বান্ধিবলৈ ব্যৱহাৰ কৰিবৰ নাই হোৱা এতিয়াও ৷ সেইকেইটা বেণ্ডেজ মাৰিবলৈ ব্যৱহাৰ কৰিলে ২১ চনৰ বহাগ বিহুলৈকে গেঞ্জী নিপিন্ধাকৈয়ে চলিব লাগিব কিন্তু ৷

This image has an empty alt attribute; its file name is 83991355_1844282885708120_227405878234447872_n.jpg

কৈলাশ বকতিয়াল

১৯৮৮-৮৯ চন মানৰ কথা ...... উজনি অসমৰ নাজিৰা নামৰ চহৰ খনত অসমৰ আটাইতকৈ ধনী বণিক শেঠ ভিক্ষাৰীলাল বাস কৰিছিল । শেঠৰ মূৰত এডালো চুলি নাছিল আৰু তাকে লৈ তেওঁ বিভিন্ন ইতিকিং শুনিব লগা হৈছিল । নতপা মানুহ বিলাক দেখিলেই তেওঁৰ মনত ক্ষোভৰ সৃষ্টি হৈছিল । বহুদিন ভাবি চিন্তি তেওঁ এটা চিনেমা হল বনালে আৰু নাম দিলে THE BALD . আৰু মুম্বাইত চিনেমা ৰিলিজ হোৱাৰ দিনাই তেওঁৰ হ'লত সেইখন দেখুৱাইছিল । কিন্তু এটাই চৰ্ত আছিল দৰ্শক জন তপা হব লাগিব । কোনো নতপা মানুহ তাত সোমাব নিদিছিল । আৰু কোনোবা কিবাকৈ সোমাই গলেও চিনেমা চলি থকা সময়ত চেকাৰে দৰ্শকৰ মূৰত হাত দি চেক কৰি গৈছিল আৰু কোনোবা নতপা মানুহ পালে তাক গুৰুলা গুৰুল কৈ পিটিছিল ।
তেতিয়াই হিন্দী ছবি মেইনে প্যাৰ কিয়া ৰ দিন । মুম্বাই আৰু নাজিৰাত একেদিনাই ৰিলিজ ! শিৱসাগৰ জিলাৰ তপা মানুহ বিলাকে নাজিৰাত বাহৰ পাতিছেগৈ mpk চাবলৈ । আমাৰ নাজিৰাৰ দাদাই থিক কৰিলে তেৱোঁ mpk চাইহে এৰিব । পিছে কেনেকৈ ? দাদাৰ মূৰত এসোপা জপৰা চুলি । সৰুতেই বৰমাই খাটি সৰিয়হৰ তেলেৰে টুপটুপীয়া কৰি ৰখাৰ ফচল এয়া । সঁচা মিছা নেজানো , দাদাৰ লগৰ বোৰে হেনো তেওঁৰ চুলি চেপি সপ্তাহত আধাসেৰ মান তেল ওলিয়াই তাকে বিক্ৰী কৰি চাধা চুৰটৰ খৰছ ওলিয়াইছিল ।
দাদাই ঠিক চিনেমা আৰম্ভ হোৱাৰ সময়তে ভিৰৰ সুযোগ লৈ হলৰ ভিতৰলৈ সোমাই গল । কিন্তু কি হ’ব ? অলপ পিছত চেকাৰ আহি সকলোৰে মূৰত হাত দি যাব ধৰিলে । আমাৰ দাদা মূৰতো হাত দি গল । কিন্তু দাদা সাৰি গল কেনেকৈ ?
ইফালে চেকাৰ জনে বাহিৰলৈ গৈ লগৰবোৰক কি কৈছে শুনক " আব্বে দোস্ত , ইমান দিন চেকিং কৰিলোঁ , সেওঁতা ফলা তপা মানুহ জীৱনত আজিহে চুই পালোঁ ।"
Advertisements

Leave a Reply