লকডাউনৰ ভাৰ্চন ১ , ২ , ৩ ঠিকমতেই পাৰ হৈছিল ৷

কৈলাশ বকতিয়াল, ২২-০৫-২০২০

This image has an empty alt attribute; its file name is 83991355_1844282885708120_227405878234447872_n.jpg
কৈলাশ বকতিয়াল

লকডাউনৰ ভাৰ্চন ১ , ২ , ৩ ঠিকমতেই পাৰ হৈছিল ৷ সমস্যাটো আহিল এই ৪ নম্বৰ ভাৰ্চনটোত হে ৷ দাদা মানুহটো দেখাই শুনাই , পিন্ধাই উৰাই গোটেইটি টিপটায়াৰ হৈ থাকিলে কি হ’ব , ট্ৰেইনত আধা দামত যাব পৰা হোৱা দুটামান বছৰেই হ’ল ৷ স্বাস্থ্য ভালে ৰাখিবলৈ লকডাউন ১ , ২ , ৩ ৰ সময়খিনি মৰ্ণিং ৱাক – ইভিনিং ৱাক পুৰা মাৰি থাকিল ৷ ৱাক নো কি আউ চুবুৰীয়া কেইঘৰৰ চোতাল পিৰালিলৈ চাই বোলে – বৰুৱানী ফুলত পানী দিছে , ভূঞানী পেপাৰ পঢ়িছে , বৰানী দিল্লীত পঢ়ি থকা ছোৱালী জনী কেতিয়া আহিব — এইবোৰ আউ ৷ দাদাৰ বৌৱে এইবোৰ দেখি শুনিও বিশেষ একো নকয় – চোৰে নেৰে বোলে চোৰৰ পৰকতি …- বিয়াৰ পিছৰ তিনিটা দশক এনেদৰেই সহ্য কৰিছে যেতিয়া বাকী থকা কেইদিনো সহি যাব আউ ৷ পিছে গণ্ডগোলটো লাগিল লকডাউন ৪ আৰম্ভ হোৱাৰ পৰা ৷ দিনে দিনে হোৰাহোৰে পজিটিভৰ সংখ্যা বাঢ়ি অহা দেখি দাদাৰ ওপৰত ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰাৰ হুলিয়া জাৰি কৰি দিলে ৷ বোলে , ঘৰত আমাৰ দুটা মানুহৰ দুমাহৰ ৰেচন মজুত আছে – স্বাস্থ্য ঠিক ৰাখিবলৈ ৰামদেৱ আছে – গতিকে ঘৰতে সোমাই থাকা ৷ দাদাইও বৌৰ হুলিয়া নস্যাৎ কৰিবলৈ একো উপায় নেপাই ঘৰৰ পৰা নোলোৱা হ’ল ৷ পিছে মানুহটো দেখোন লাহে লাহে কিবা চিন্তাত মুজুৰা পৰি যোৱাৰ দৰে হ’ল ৷ মোবাইলত ক’ভিদ আপদেট চাই চাই মাজে মাজে চিঞৰি থাকে বোলে – ১৩৫ , ১৫১ , ১৮৮ এনেকুৱাকৈ ৷ কালি মাজৰাতি ২১০ , ২১০ বুলি চিঞৰি বৌৰ ভাতঘুমতি ভঙাত বৌৱে দাদাৰ ওচৰতে বহি লৈ বুজাবলৈ ধৰিলে বোলে কেলেই নো ইমান চিন্তা কৰিছে ৷ পৃথিৱীৰ সকলো প্ৰাণীয়েই মৰণশীল ৷ জন্ম হ’লে এদিন মৰিবই লাগিব ৷ কোনোবা আগে যাব , কোনোবা পিছে যাব ৷ এই সংসাৰ অনিত্য ইত্যাদি ইত্যাদি ৷দাদাই ক’লে – মই মৰা লৈ চিন্তাত পৰা নাই হে ৷ জীয়াই থকা লৈ হে চিন্তা কৰিছো ৷বৌ – মানে ?দাদা – তুমিতো কৈছাই – ঘৰৰ ভিতৰতে এনেকৈ সোমাই থাকিলেতো আমাৰ একো নহয় , হয় নাই ৷বৌ – হয় তো আকৌ ৷ সেয়ে কৈছোঁ ইমান চিন্তা কৰি নেথাকিব , একো নহয় আমাৰ ৷দাদা – সেইটোৱেইটো চিন্তা বুইছা ৷ তোমাৰ মোৰ বাহিৰে বাকী সকলো মানুহে বজাৰ সমাৰ , অফিচ কেচাৰী , বিয়া সকাম খাই ঘূৰিয়েই ফুৰিছে দেখোন ৷বৌ – মৰিব সেইমখা ৷দাদা – তাকেই তো ৷ এদিন আমি দুটাৰ বাবে সকলো মৰি শেষ হ’ব ৷ কৰোণাও যাবগৈ ৷ পিথৱীত মানুহ বুলিবলৈ থাকিম তুমি আৰু মই ৷ তাহানিৰ আদম আৰু ইভৰ লেখিয়াকৈ মানৱ জাতিটো আকৌ আৰম্ভ কৰাৰ দায়িত্ব আহি পৰিবহি আমি দুইটাৰে মূৰত ৷ মোৰ কথা বাৰু যহনতহন , তোমাৰ কথা ভাবি ভাবিয়েই এইকেইদিন মোৰ টোপনি হৰিছে ৷

Advertisements

Leave a Reply