Home » Bhupendra Sangeet

Bhupendra Sangeet

All the songs sung by renowned Assamese music artist Bhupen Hazarika are included on this page. The songs of Bhupen Hazarika are generally known as Bhupendra Sangeet. The lyrics of Bhupendra Sangeet and the audio of the songs are provided here. His some popular and admired songs are Bistirno Parore (বিস্তীৰ্ণ পাৰৰে), Moi Eti Jajabor (মই এটি যাযাবৰ), Bimurto Mur Nixati Jen (বিমূৰ্ত মোৰ নিশাটি যেন), Manuhe Manuhor Babey (মানুহে মানুহৰ বাবে), Snehe Aamar Xoto Shrabonor (স্নেহে আমাৰ শত শ্ৰাৱণৰ), Gupute Gupute Kimaan Khelim (গুপুতে গুপুতে কিমান খেলিম), Buku Hom Hom Kore (বুকু হম্‌ হম্‌ কৰে), Sagar Sangamat (সাগৰ সংগমত), Shillongore Godhuli (শ্বিলঙৰে গধূলি) etc.

Bhupen Hazarika (1926–2011) was an Indian playback singer, lyricist, musician, poet, actor, filmmaker, and politician from Assam, India. He was widely known as Sudha Kontho. He received the National Film Award for Best Music Direction (1975), the Sangeet Natak Akademi Award (1987), the Padma Shri Award (1977), the Padma Bhushan (2001), the Dada Saheb Phalke Award (1992), the highest award for cinema in India, and the Sangeet Natak Akademi Fellowship (2008), the highest award of the Sangeet Natak Akademi. He was posthumously awarded both the Padma Vibhushan, India’s second-highest civilian award, in 2012, and the Bharat Ratna, India’s highest civilian award, in 2019. Hazarika also held the position of Chairman of the Sangeet Natak Akademi from December 1998 to December 2003. He was elected President of the Assam Sahitya Sabha in 1993. In 1967, Hazarika got elected as a member of the Assam Assembly from the Naoboicha constituency.

Get all Assamese lyrics of Bhupendra Sangeet

and listen to Bhupen Hazarika Music

A B C D E

অগ্নিযুগৰ ফিৰিঙতি মই
Agni Jugar Phiringoti Moi


অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম।
সৰ্বহাৰাৰ সৰ্বস্ব 
পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম।
নৰকঙ্কালৰ অস্ত্ৰ সাজি
শোষণকাৰীক বধিম।
সৰ্বহাৰাৰ সৰ্বস্ব 
পুনৰ ফিৰাই আনিম।
নতুন অসম গঢ়িম।
ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত
জাতি্ৰ অহংকাৰ লয় পাব তাত।
অস্পৃশ্যতাৰ মহাদানৱক
আপোন হাতেৰে নাশিম
নতুন অসম গঢ়িম।
হৰিজন, পাহাৰী, হিন্দু, মুছলিমৰ
বড়ো, কোচ, চুতীয়া, কছাৰী, আহোমৰ
অন্তৰ ভেদি মৌ বোৱাম
ভেদাভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম।
নতুন অসম গঢ়িম।
অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।

অগ্নিযুগৰ ফিৰিঙতি মই Agni Jugar Phiringoti Moi

এটি কুঁহি দুটি পাত
Ati kuhi duti pat


এটি কুঁহি দুটি পাত
ৰতনপুৰ বাগিচাত
লহপহীয়া হাতেৰে কোনেনো ছিঙিলে
অ’ কোনেনো ছিঙিলে?
এন্ধাৰ ক’লা চুলিৰে
জবা ফুলৰ পাহিৰে
পাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলে
অ’ কোনেনো হাঁহিলে?
জুগনু আৰু লছমীৰে
বিয়াৰ দিনাৰ ঝুমুৰে
ৰতনপুৰ বাগিচাত জোৱাৰ তুলিলে
অ’ জোৱাৰ তুলিলে।
জুগনু আৰু লছমীৰে
মৰমখিনিৰ ৰূপেৰে
এটি সৰু কেঁচুৱাই পঁজা উজলালে
অ’ পঁজা উজলালে।
জুগনু আজি এটি পাত
লছমী আজি এটি পাত
কেঁচুৱাটি সৰু কুঁহি ভাগৰি পৰিলে
অ’ ভাগৰি পৰিলে।
সেই মানুহ কুঁহি দুটি পাত
ৰতনপুৰ বাগিচাত
অকালতে ছিঙিবলৈ
পিশাচও আহিলে
অ’ পিশাচও আহিলে।
দুটি পাতৰ লটিঘটিত
আলফুলীয়া কেঁচুৱাটিৰ
আশাৰ চাকি ঢাকি কোন
পিশাচে হাঁহিলে
অ’ পিশাচে হাঁহিলে
তাম বৰণৰ দেহাৰে
সবল সুঠাম বাহুৰে
ঢম ঢমা ঢম্ মাদল বজাই
কোনেনো নাচিলে
হেজাৰে নাচিলে।
নতুন তুফান আহিলে
হেজাৰ মাদল বাজিলে
সেই মাদলৰ সাহস দেখি
পিশাচও পলালে।

এটি কুঁহি দুটি পাত Ati kuhi duti pat

আকাশী গঙ্গা বিচৰা নাই
Akakhi Ganga Bisora Nai

আকাশী গঙ্গা বিচৰা নাই
নাই বিচৰা স্বৰ্ণ অলঙ্কাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰো মৰমৰ মাত এষাৰ।
মহা মহা সাগৰৰে
কতনা লহৰ লেখিলো
মহা মহা নগৰীতে
কতনা বাট হেৰুৱালো।
মৰম জ্যোতিৰ পম খেদি খেদি
বোৱালো গুপুতে অশ্ৰুধাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰো মৰমৰ মাত এষাৰ।
হয়তো নিতৌ হেজাৰ জনৰ
হেজাৰ শৰাই পাওঁ
তথাপি কিয় বিশেষ জনৰ
মৰম বিচাৰি যাওঁ।
মহা মহা নাট ঘৰে ঘৰে
কন্ঠ শোণিত নিগৰালো
মহা মহা শ্ৰোতা জনতাৰে
মুখত হাঁহি বিৰিঙালো।
ক্ষণিক মৌন পৰত কোনেনো
পাতলাব মোৰ দুখৰে ভাৰ?
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰো মৰমৰ মাত এষাৰ।

আকাশী গঙ্গা বিচৰা নাই Akakhi Ganga Bisora Nai

অনামিকা বিদায়
Anamika Bidai

অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,
মিঠা সপোনৰ বিলাস ঘৰ,
তোমাক লৈয়েই গঢ়াৰ সময় যে নাই,
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |
আহত আকাশ ক’তো নাই সুখ,
হতাশাত ভাগি পৰা মানুহৰ মুখ;
মনৰ চেতাৰ কোনো শুনোতা যে নাই
মনৰ চেতাৰ কোনো শুনোতা যে নাই
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |
জোন ডুবি গ’ল আজি আঁউসী ৰাতি,
ধুমুহাত সৰি গ’ল ফুল ;
প্ৰেমৰ কবিতা বাৰু কিদৰে লিখো,
সকলোতে হৈ যায় ভুল |
শেৱালি সুবাস লৈ নাহে যে বতাহ,
আহিও উভতি যায় কাল মধু মাহ;
শেৱালি সুবাশ লৈ নাহে যে বতাহ,
আহিও উভতি যায় কাল মধু মাহ;
দূৰণিত ফেকুৰিছে নিঠুৰ চানাই,
অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |
মিঠা সপোনৰ বিলাস ঘৰ, মিঠা সপোনৰ বিলাস ঘৰ,
তোমাক লৈয়েই গঢ়াৰ সময় যে নাই,
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় |

অনামিকা বিদায় Anamika Bidai

আজি ব্রহ্মপুত্র হ’ল বহ্নিমান
Aji brahmaputra hal bahnimaan

কথা :- মহা মিলনৰ তীৰ্থ এই ব্রহ্মপুত্র
আজি বহ্নিমান কিয়?
 
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান !
মনৰ দিগন্তত ধোঁৱা উৰে,
আকাশত পপীয়া তৰা ঘূৰে
পদে পদে কৰে কাক অপমান
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান!
এই বহ্নি নহয় শ্যামলী বনৰ
এই বহ্নি ক্রোধান্বিত লক্ষ মনৰ
পুঞ্জীভূত নোপোৱাৰ বেদনা
আগ্নেয়গিৰি সমান।
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান
সমদলৰ পদধ্বনি
আবাল-বৃদ্ধ,বনিতাৰ
স্ব-নিৰাপত্তা লক্ষ্য
আৰু আনকো জীয়াই ৰখাৰ
সহস্রজনৰ সাহস দেখি
পৃথিবী কম্পমান ।
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান !
সৌৱা বজ্র নিনাদৰ প্রতিধ্বনি
ভৈয়ামে-পৰ্বতে বাজে
সংগ্রামী সুস্থ প্রকাশ
বলিষ্ঠ সংযম মাজে
প্রচণ্ড অৱহেলা এইবাৰ নাশিবই
জীৱনকো কৰি বলিদান ।
আজি ব্রহ্মপুত্র হ’ল বহ্নিমান !

আজি ব্রহ্মপুত্র হ’ল বহ্নিমান Aji brahmaputra hal bahnimaan

আশ্বিন মাসে দূৰ্গা পূজা
Ashin Mase Durga Puja

পুৰুষ :- আশ্বিন মাসে দুৰ্গা পূজা
ঢাকেৰ কেমন গুড় গুড়ি
তাৰেই মাঝে ঝিলমিল কৰে
মোৰ প্ৰাণেৰ সুন্দৰী।
লাল শাড়ী পিন্ধি নাচে
মাদল ঝুমুৰ বাজানা
নাকে নোলুক বাঁয়ে তাবিজ
ৰুণ জুন বাজে গহনা।
মহিলা :- অইন দিনে দেখি কালা
কাণে কদম ফুল গো
আজ কেন তোমাৰ কালা
বদন মলিন গো।।
পুৰুষ :-একখনি পাণ দিয়ে
আশা দিয়ে পলাইলি
ফাঁকি দিয়া
ওৰে পিয়া কাহে না আইলি
বৃথা  মোৰ নিশি গেল
জাগায়া ৰাখিলি।
মহিলা :-যখন ফুল কলি ছিল
তখন ভ্ৰমৰ আইল গেল
এখন নুতন ফুলে মজিল
পুৰাণা পীৰিতি ছাৰি নতুনে মজিল ৰে।
পুৰুষ :কথা :– এত যদি ছিল মনে
আগে না বলিলি কেনে
মোৰ যৌৱন তোৰ হাথে ৰৈল।
মহিলা :- তুমি তৰু, হামি লতা
যাওঁ দেখি কোথা যাবে
হাঁসিৰ চান্দ আকাশে উঠিল।
পুৰুষ :- আসে পাসে লাখো গছ
গমকি উছিল বাঁস
কেওৰা ফুল খোপাই পিন্ধি
নাচ ৰে ঝুমুৰ নাচ।
দুয়ো :- আৰে নাচৰে ঝুমুৰ নাচ।
মহিলা :-দুই পইচাৰ পুঠি মাছ
কায়া গোলাৰ তেল ৰে
পুৰুষ :- কোমৰ ধৰি সবাই খেলি
প্ৰেম পীৰিতি খেলৰে।।

আশ্বিন মাসে দূৰ্গা পূজা Ashin Mase Durga Puja

আমি অসমীয়া নহওঁ দুখীয়া
Ami Asamiya Nohou Dukhia

কথাঃ- (সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, ‘আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম?’ সঁচা, পিছে)
গীতঃ ‘আমি অসমীয়া নহওঁ দুখীয়া’
বুলি সান্ত্বনা লভিলে নহʼব
আজিৰ অসমীয়াই
নিজক নিচিনিলে
অসম ৰসাতলে যাব।।

নানা জাতি-উপজাতি
ৰহণীয়া কৃষ্টি
আঁকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হʼব নিঃশেষ
আৰু মনবোৰো ভাগি ছিগি যাব
আজিৰ অসমীয়াই নিজকে নবচালে

অসমতে মগনীয়া হʼব।
প্ৰতি অসমীয়াই কি কৰা উচিত,
উপদেশ দিবলৈ নাই লাচিত
‘ডাঙৰ নহয় দেশতকৈও মোৰ’
দুৰ্ব্বলচিতীয়া মোমাইবোৰ’ বোলা
হেংদানধাৰী লাচিত নাথাকিলেও
আগুৱাই যাবই লাগিব
অʼ নহʼলে অসমীয়াই অসমৰ মাটিতে
নিজেই ভগনীয়া হʼব।।
কথাঃ “অসম মৰিলে আমিও মৰিম” বুলি
কʼবলৈ কোনো যে নাই বুলি আজি কোনে কয়?
গীত : কোনোবা কাপুৰুষক
পুৰুষ কৰিবলেʼ
জ্যোতিপ্ৰসাদো যে আছে।
“অসম মৰিলে আমিও মৰিম”
বুলি কʼবলৈ শ্বহীদো আছে।
আজি অম্বিকাগিৰীৰ চিঞৰক হাজাৰে
হাতে-কামে নৱৰূপ দিব।
আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে
অসমতে ভগনীয়া হʼব।।

আনৰে লগতে অসমীয়া অসমতে
যদিহে নেবাচে বাৰু কʼতনো বাচিব
মোৰ আইক ভালপাওঁ বুলিলে
আনৰ আইক জানো ঘিণ কৰাটো বুজাব?
প্ৰতি অসমীয়া, আমি ভাল ভাৰতীয়
আৰু দূৰণিৰপৰা আহি লুইতৰ পাৰৰে
মাটিত মাতৃ বোলা প্ৰতি ভাৰতীয় হʼল
নতুন ৰূপৰ অসমীয়া।
আমি সেইভাৱে থাকিলেই হʼব
নহʼলে আমাৰ ‘ৰাজহাড় নাই’ বুলি
বিশ্বই বৰকে হাঁহিব।।
বিশ্বপ্ৰেম বিনন্দীয়া বুলি
অনুভৱ কৰা প্ৰতিজন অসমীয়া
তুমিওতো জানা এটি কথা
আপোন মাতৃৰ অশ্ৰু নমচিলে
বিশ্বপ্ৰেম হʼব বৃথা
তুমি বিশ্বৰ শৰীৰত পঙ্গু অঙ্গ হʼলে
বিশ্বই জানো ভাল পাব?
পৃথিৱীত জনমি সচেতন নহʼলে
প্ৰাপ্যও থিতাতে হেৰাব।।
থলুৱা আৰু নতুন অসমীয়াক
এইবেলি সেঁৱা যাচি লৈ
সোঁৱৰাব খুজিছোঁ
অসমৰ ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দুৰ্ভোগ পাব
আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও
কঙালীত পৰিণত হʼব।।
আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব।

আমি অসমীয়া নহওঁ দুখীয়া Ami Asamiya Nohou Dukhia

আহ্ আহ্ ওলাই আহ্ সজাগ জনতা
Aah aah olai aah sajag janata

আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্ পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোঁতে
যায় যদি যায় জীৱনতো যাক !
সমুখৰে সেনাপতি থমকি জিৰালে,
কিনো হ’ব সেনানীয়ে ভাবিলে গুণিলে
ক’লা কাকতি ফৰিং নাশোঁগৈ আহ্ ৷৷
আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্
পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোঁতে
যায় যদি যায় জীৱনতো যাক  !
 শুন বুভুক্ষু শিশুৰে আৰ্তনাদ
সেয়ে তিল্ তিল্ মৃত্যুৰ আনে সংবাদ,
এই সংবাদ শুনিও বধিৰ কিয়?
তই নকৰিবি কিয় তোৰ শেষ প্রতিবাদ ?
সংগ্রাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে ‘জয় জনতাৰে’
ত্রাস এৰি দানৱকে বধোঁগৈ আহ্।।
অ’ আহ্ আহ্ ওলাই আহ্
সজাগ জনতা
আহ্ আহ্ ওলাই আহ্
পোহৰ আনোতা
ৰামৰে দেশতে থকা ৰাৱণ বধোতে
যায় যদি যায় জীৱনতো যাক !

Aah aah olai aah sajag janata আহ্ আহ্ ওলাই আহ্ সজাগ জনতা
%d bloggers like this: