Songs of ‘Rupkonwar’ Jyoti Prasad Agarwala

Lyrics of Jyoti Sangeet in Assamese
AMARE SAKHIYA AKUL BIYAKULE
আমাৰে সখিয়া আকুল বিয়াকুলে (শোণিত কুঁৱৰী) আমাৰে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহিতি চাই, সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই। দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই। ফাগুনৰ বতাহে গাতে ছাটি মাৰে গাতে ছাটি মাৰি যায়। চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ গাতে উৱাদিহে নাই সখিয়া্ৰে গাতে উৱাদিহে নাই। ---------::::---------
SONAR PALENGOTE …………….
সোণৰ পালেঙতে অ' মনে তৰা (কাৰেঙৰ লিগিৰী) সোণৰ পালেঙতে অ' মনে তৰা সোণৰ পালেঙতে অ' মনে তৰা ধুনীয়া কোঁৱৰৰ ঘুমতি নাহিলে কপাহৰে তলিচা পৰা মনে তৰা।। পদুমৰ পাহিৰে গুথি দিম বিচনী বা দিম সুৰভি ভৰা মনে তৰা কাষতে লিগিৰী বহি নামে গাম কোনোবা বিতোপন দেশৰে সাধু ক'ম নিশাটো কাষতে বহি মনে তৰা। কপাহৰে তলিচা পৰা মনে তৰা সোণৰ পালেঙতে অ' মনে তৰা।। -------:::-------
MURE BHARATARE …..
মোৰে ভাৰতৰে মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি। সেউজীয়া বনতে সেউজীয়া মনতে বিকশি প্ৰকাশি উঠা নৱ-জন জীৱনৰে অভিনৱ জ্যোতি।। আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় অজেয় আলোকময় বিশ্বৰূপী অনন্ত বিজয়ী জন গণ মন মুকুতি প্ৰণতি প্ৰণতি।। -------:::-------
SEUJI SEUJI SEUJI O …..
সেউজী সেউজী সেউজী অ' (নিমাতী কইনা) সেউজী সেউজী সেউজী অ' সেউজী ধৰণী ধুনীয়া। সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ'দালীৰে ফুল ফল সেন্দুৰীয়া। আমাৰ চকুলোৰে পানী দি জীয়ালোঁ মাণিকী-মধুৰী ধান, তোমালৈ আনিছোঁ জগতৰে শইচ এৰা অ' নিমাতী মান। --------::: --------
O SAKHI AJI …..
অ’ সখী আজি অ’ সখী আজি যৌৱন বন জুৰি বন-বসন্ত মুঞ্জৰি পাতে বৰণৰে মেলা, হাঁহা সখী মোৰ হাঁহা সখী মোৰ হাঁহিৰে ফাকু খেলা৷ তোৰ ৰূপৰ ফুলনিতে শেৱালি নেৱালি কতনো ফুল দশোদিশ আমোলাই কৰিছে আকুল ফুলৰ বাটিৰে মৌৰে নিজৰা বাকি দিয়া বিয়াকুল ৰূপ মৌ পিয়া৷ আজি অভিনৱ তৰালি পোহৰৰ চঞ্চল গীতি শুনা তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ জোনাকী কাৰেঙত বাজে বীণা৷ তাতে বাসনা-উৰ্ব্বশী বিবসনা নৃত্যতে আকুল অ’ সখী ! যায় যে বেলা হাঁহা সখী মোৰ হাঁহা সখী মোৰ হাঁহিৰে ফাকু খেলা৷৷ -------:::-------
MURE JIBONORE SAKHA KRISHNA ……..
মোৰ জীৱনৰে সখা কৃষ্ণ (কাৰেঙৰ লিগিৰী) মোৰে জীৱনৰে সখা কৃষ্ণ বজাৱ কি সুৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু। পুৱতি নিয়ৰে সানে চৰণতে শুকুলা মুকুতা ৰেণু শ্যামল গাতে কোনে চন্দন পিন্ধালে অ' তোৰ ফুল কুমলীয়া তনু বজাৱ কি সুৰে বেণু কৃষ্ণ তই বজাৱ কি সুৰে বেণু।। সুৰৰে জিঞ্জিৰি পিন্ধালি মোক সুৰৰে জিঞ্জিৰি।। -------:::::---------
TURE MURE ALOKORE JATRA ………
তোৰে মোৰে আলোকৰে যাত্ৰা তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ। সেউজীয়া জীৱনৰ জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে প্ৰচাৰিত অৰুণ বাণী আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ মুখৰিত দিশে দিশে অগনি গান। -----------::::-----------
JUNAKI KARENGOT ……
জোনাকী কাৰেঙত কোনে বীণ বায় (নিমাতী কইনা) জোনাকী কাৰেঙত কোনে বীণ বায়? জোনাকী কাৰেঙত কোনে বীণ বায়? পোহৰে পোহৰে হাঁহি বিলায় ! আমাৰে নিমাতীৰ কোনে মাত ফুটাব ওঁঠতে হাঁহিটি দিব বুলাই। আমাৰ নিমাতীজনী নীল সাগৰৰ হীৰা মণি অৰুণৰ হাঁহিৰে মুখনি বোলোৱা আলাসৰ প্ৰতিমাখনি। হাঁহো-হাঁহোকৈ চকু দুপাহিয়ে হঁহা নাই অতদিনে। মাতো মাতোকৈ ওঁঠ দুখনিয়ে অমাতেৰে মন জিনে। ধিয়ানে-গিয়ানে সচিতে-সপোনে কাকনো বিচাৰে কাকনো চায়? বীণখনি বায় কোনেনো দিবহি হাঁহি ফুলাই? নিমাতী কইনাৰ মাত ফুটা নাই অ' মাত ফুটা নাই জোনাকী কাৰেঙত কোনে বীণ বায়? --------::::--------
LUITORE PANI JABI O …….
লুইতৰে পানী যাবি অ' বৈ লুইতৰে পানী যাবি অ' বৈ । সন্ধিয়া লুইতৰ পানী সোণোৱালী চহৰে নগৰে যাবি অ’ বৈ জয়াৰে কীৰিতি দেশে বিদেশে সাগৰে নগৰে ফুৰিবি কৈ ।। মাটিৰে দেহাটি এৰি জয়েমতী জ্যোতিৰে দেহাটি লৈ যাউতিযুগীয়া কীৰিতি ৰাখিলা চানেকি জগতলৈ ।। এটুপি দুটুপি তেজে তিনি টুপি দেশৰ হকে জয়াই গ'লে বিলাই অসমৰ জীয়ৰী অসমৰ বোৱাৰী এটুপি চকুলো যোৱা পেলাই।। ------------::::------------
GOSE GOSE PATI DILE …….
গছে গছে পাতি দিলে গছে গছে পাতি দিলে ফুলৰে শৰাই ৰাম ৰাম ফুলৰে শৰাই গছে গছে পাতি দিলে কলীয়া ভোমোৰা গুঞ্জৰী আহে, গোন্ধকে ধিয়ায় ৰাম ৰাম গোন্ধকে ধিয়াই, কোনে গুলাপী সখীক চেনেহ হাঁহি দিলে ৰূপতে ৰঙে চৰায়, ওৰণীৰ তলতে পৰিমলৰেণু উৰুৱাই পৱনে দিলে বিলায়, গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই।। ------:::------
JAUTI JUGIA DHONE ……
যাউতিযুগীয়া ধনে মোৰ অ' (কাৰেঙৰ লিগিৰী) যাউতিযুগীয়া ধনে মোৰ অ' যাউতিযুগীয়া ধন। প্ৰাণতে দিলা মোৰ মৰম কুমলীয়া মনত সোঁৱৰণি সুৱদীয়া বুকুত ভালেপোৱা অ' মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ' যাউতিযুগীয়া ধন। স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ' যাউতিযুগীয়া ধন। সুখে বিনন্দিয়া মৰমকে বাকি সৰগী সপোন টোপনিতে গঢ়ি দিলা মোক অ' যাউতিযুগীয়া ধন। যাউতিযুগীয়া ধনে মোৰ অ' বুজা নুবুজাৰে হাঁহি কান্দোনেৰে জীৱনত পাতিলা মেলা মোৰ অ' যাউতিযুগীয়া ধন। -------:::-------
AIDEURE BULONITE …….
আইদেউৰে বুলনিতে পোহৰৰে ধেমালি আইদেউৰে বুলনিতে পোহৰৰে ধেমালি ন চানেকিয়ে জিকেমিকাই ন চানেকিয়ে জিকেমিকাই জোনাকী বাটেদি চিত্ৰলেখিয়ে ন জীৱনৰে ফুলে ফুলায়।। আইদেউৰে যঁতৰতে সুৰে গুনগুনালে আইদেউয়ে মিচিকিয়াই মিচিকি মিচিকিয়াই সুৰতে কঁপিছে কিনো ন বতৰা জ্বলে মনে তৰা আইদেউৰে বুকু কঁপায়।। ---------::::---------
O AMAR GAON —–
অ' আমাৰ গাঁও (লভিতা) অ' আমাৰ গাঁও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ। ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা অ' আমাৰ গাঁও! দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল'ৰা ডেকেৰী নহয় পাছ পৰা অ' আমাৰ গাঁও! একঠা মাটি মই উপজিয়ে পাওঁ এমুঠি পেটৰ ভাত এখনি কাপোৰ গাত আজি কিয় তাকো নাপাওঁ? এই মাটি মোৰ অধিকাৰ মোৰে ভাত মোৰে কাপোৰ মোৰে দেশ আজি মই নিজে ৰখাওঁ । কালৰ মূৰ্তি ধৰি শতৰু মূৰত আকাশৰ চৰগ পেলাওঁ । --------::::--------
AGBARIT PHUILE ……..
আগবাৰীত ফুলিলে আগবাৰীত ফুলিলে সোণে মোৰ চম্পা সেউতী মালতী সোণে মোৰ চম্পা গোন্ধৰ গুটিমালী ৰঙাকৈ ৰেৱতী আমোলে মোলে ঐ সোণে মোৰ চম্পা। সোণেৰে পখিলা ৰূপৰে পখিলা ফুলনি জিলিকি উৰে মোৰ সোণে মোৰ চম্পা। ক'ৰে বনৰীয়া ফুটুকা ধুনীয়া চৰায়ে বিনালে অময়া সুৰেৰে সোণে মোৰ চম্পা। --------:::--------
MUR BARIT PHULILE INDRAJIT……
মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী তোৰ বাৰীত পৰিলে ছাঁ, তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলী বা। বাউলী বাৰে আউলী চুলি কাৰে কথা কৈয়ে মাত কু-উ বুলি ৰূপহ কলীয়া কুলী। ------------::::------------
LUITOR PARORE AMI DEKA ……..
লুইতৰ পাৰৰে আমি ডেকা ল'ৰা লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই মুকুতি মেধৰ মহান মেজিৰ নেজাৰ ফিৰিঙতি চাই পুৰোহিতো যদি থিতাতে আঁতৰি ত্ৰাসতে মূৰ্ছা যায় আমি আগবাঢ়ি ডিঙি পাতি পাতি তেজেৰে বলিশাল যামে বোলাই তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননী তোৰ লঘু লাঞ্ছনাৰ দুখে বেজাৰৰ আজিও নপৰিল ওৰ। শত কাপুৰুষ পুৰুষে সহিলেও আমাৰ যে নসহে গায় আমি ডেকা ল'ৰাই জীৱন পণ কৰিছোঁ মোহাৰ চকুলো কলিজাৰ আই। ------:::------
GAOR LORA …..
গাঁৱৰ ল'ৰা গাওেঁ গাওেঁ গাঁৱৰ ল'ৰা গাওেঁ গাওেঁ বন্তি জ্বলাই যাম আমি গাঁৱৰ ল'ৰা গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি গাঁৱৰ ল'ৰা গাঁৱৰ ল'ৰা গাওেঁ গাওেঁ বন্তি জ্বলাই যাম আমি গাঁও ল'ৰা আগবাঢ়ি যাম হাবি কাটি আগবাঢ়ি যাম পৰ্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম নিতৌ নতুন পাম জুই সুৰীয়া জয় সুৰীয়া নতুন নাম গাম। ৰাইজৰ বৰ নামঘৰতে সোণৰ ৰূপৰ পাট মেৰিওৱা বৰখুঁটা লগাম। --------::::--------
BISWA BIJOYEE NAJOWAN
বিশ্ববিজয়ী নৱজোৱান লভিতা বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ।। সমুখ সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ। অগ্নিবৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত শিলাবৃষ্টি ভূমিকম্প হ'ব উল্কাপাত। -------::::-------
LUITOR AKASHOT TARAR…….
লুইতৰ আকাশত তৰাৰ তৰাৱলী লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজেৰে মোৰ আই নাকান্দিবি থাপনাত তেজেৰে বন্তি দিছেহি সন্তানে আজি তোৰ। লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা আই অ' নুমুৱা নাই, নতুন তেজেৰে শলিতা জ্বলিছে উজলিছে ভমকাই। চকুলো বোৱাই জুই নুনুমাবি গুচক তমসা ঘোৰ লুইতৰ আকাশত তৰাৰ তৰাৱলী পাৰত দীপাৱলী তেজেৰে মোৰ। ----------::::----------
DISCLAIMER
The “Music of Assam” page is developed to collect the unique music of Assam in a platform i.e., jakhala.com, and is clearly for non-commercial purposes. I hope the “Music of Assam” page will help the younger generation of Assam to promote and practice the Assamese music. The said web page will provide information about Assamese music to music lovers around the globe. I declare that I have no intention to violate the copyright of the music published in the “Music of Assam” page. If any element of a violation of the copyright of music is detected, kindly inform me to Email address bijoychetiajdb@gmail.com. Any information related to violation of the copyright of music will be removed immediately from the “Music of Assam” web page.
Advertisements