ভূজঙ্গাসনৰ বৈশিষ্ট্য হল ই দেখাত ফেটী সাপে ফেট তুলি থকা মুহূৰ্ত এটাৰ দৰে। প্ৰথমতে এডোখৰ সমান ঠাইত তললৈ পেট পেলাই ভৰি দুখন লগলগাই পোন কৰি আৰামেৰে ৰওক। এই আসন আমাৰ কঁকাল আৰু ৰাজহাঁড়েদি যোৱা স্নায়ুডালৰ বাবে অতি উপকাৰী। স্বাভাৱিক উশাহ-নিশাহ বৰ্তাই ৰখাটো এই আসন বা আন আসনৰ বাবে জৰুৰী।দুয়োখন হাতৰ তলুৱা পেলাই বুকুৰ দুয়ো কাষে ৰাখি, হাত দুখনত ভেজা দি প্ৰথমতে মুৰটো দাঙি বুকুখনো ওপৰলৈ তোলক নাভিলৈকে।যিমান পাৰি দেহৰ অগ্ৰাংশ ওপৰলৈ নিয়ক। ইয়াতে এটা কথা দেহটো কিমান লেও-সেও, সেই অনুযায়ীহে আপোনাৰ আগছোৱা দাঙ খাব। কঁকালৰ পৰা দেহৰ তলৰছোৱা আগৰ দৰে পোন কৰি ৰাখক। আপুনি যদি প্ৰথমবাৰ এই আসন কৰিছে তেন্তে ৫ চেকেণ্ডৰ বাবেহে এই আসনত থাকিব। মাজতে ৩০ চেকেণ্ডমান বিৰতি দি আসনটো পুনৰাবৃত্তি কৰক। দুই-তিনিদিনৰ পাছৰ পৰা ভূজঙ্গাসন কছৰতৰ সময় ১০ চেকেণ্ড, ২০ চেকেণ্ড, ৩০ চেকেণ্ডলৈ বঢ়াই নিব পাৰিব। উপকাৰিতাঃ ভূজঙ্গাসনত থকাৰ সময়ত দেহটোৰ সকলো পেশীত জোৰ পৰে আৰু সম্প্ৰসাৰণ ঘটে। পেশীবোৰত স্থিতিস্থাপকতা স্বাভাৱিক হয়, ৰাজহাড়ঁ ডালে আৰাম পায়।ৰাজহাড়ঁত হব লগা ব্যাধি দূৰ হয়। ৰাজহাড়ঁত থকা স্নায়ুডাল স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। আজিকালিৰ ব্যস্ততাৰ দিনত আমাৰ দেহটো ভুল ভংগীমাত… Read More »যোগাসনৰ কৌশল বিধিঃ ভূজঙ্গাসনৰ উপকাৰিতা আৰু গুৰুত্ব । বিজয় চেতিয়া, ২৫-০৪-২০২০
Like this:
Like Loading...