Prarthana / Assamese Pray

Prarthana by Srimanta Madhabdev

প্ৰাৰ্থনা

ভজন
মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো
       ৰসময় মাগোহো ভকতি।
সমস্ত-মস্তক-মণি     নিজ ভকতৰ বশ্য
      ভজো হেন দেৱ যদুপতি।।
যাৰ ৰাম-কৃষ্ণ-নাম   নাৱে ভৱ-সিন্ধু তৰি
      পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন     হেনয় কৃষ্ণক সদা
      উপাসা কৰোহোঁ হৃদয়ত।।
-----:::::-----
 
নমস্কাৰ
মৎস্য কূৰ্ম্ম নৰসিংহ  বামন পৰশুৰাম
   হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ   আকৃতি ধৰিছা কৃষ্ণ
   তযু পাৱে কৰোহো প্ৰণাম।।
-----:::::-----
বস্তু প্ৰকাশ
হৰি-নাম-ৰসে    বৈকুণ্ঠ প্ৰকাশে
  প্ৰেম-অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে   পাৰ ভাঙ্গি দিলা
  বহে ব্ৰহ্মাণ্ডক ভেদি।।
গোৱিন্দৰ প্ৰেম    অমৃতৰ নদী
  বহে বৈকুণ্ঠৰ পৰা।
চাৰি পুৰুষাৰ্থ   তাহাৰ নিঝৰা
  হৰিনামে মূল ধাৰা।।
হৰি-ভক্তি দান   দিয়া জগতক
  তৰিলা সংসাৰ সিন্ধু।
হেনয় কৃপালু   শঙ্কৰ বিনাই
  নাহি নাহি আন বন্ধু।।
হৰি ভকতিৰ   পাতিলন্ত হাট
  শঙ্কৰে জগত জুৰি।
ৰাম নাম ৰত্ন  বেহায়া জগতে
  চলয় বৈকুণ্ঠ পুৰী।।
শ্ৰীমন্ত শঙ্কৰ  হৰি ভকতৰ
  জানা যেন কল্পতৰু।
তাহান্ত বিনায় নাহি নাহি নাহি
  আমাৰ পৰম গুৰু।।
-----:::::----- 
1. 
তুমি চিত্ৰবৃত্তি মোৰ    প্ৰৱৰ্ত্তক নাৰায়ণ
  তুমি নাথ মঞি নাথৱন্ত।
চৰণ-ছত্ৰ ছায়া     দিয়া দূৰ কৰা মায়া
কৰা দায়া মোক ভগৱন্ত।।
তুমি মুৰ অন্তৰ্য্যামী   তযু ভৃত্য ভৈলো আমি
 জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লঞো  যিমতে সেৱাত ৰঞো
দিয়ো মোক সেহি উপদেশ।।
তুমি ভক্ত-কল্পতৰু   বাহিৰে ভিতৰে গুৰু
 তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি   চৰণত ৰক্ষা কৰি
   দিয়া মোক সেৱা-ৰস-সাৰ।।
তুমি হৰি কৃপাময়    বাহিৰত গুৰু ৰূপে
 অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্য্যামী গুৰু ৰূপে    তাকে সত্য কৰা মোৰ
    তযু নামে সদা ৰতি হৌক।।
হে কৃষ্ণ হে বাসুদেৱ  দৈৱকী-নন্দন হৰি
   নমো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰীগোবিন্দ   তযু পদ-অৰৱিন্দ
কৰো মই লক্ষ নমস্কাৰ।।
 -------------------
-------------------
নজানোহো আৱাহন    নজানোহো বিসৰ্জ্জন
   পূজা মন্ত্ৰ নজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ   দাস ভৈলো চৰণৰ
  মোৰ গতি সাধিবে উচিত।।
------::::-----



2
তুমি সৰ্ব্বসাৰী   আত্মা হৃষীকেশ
 জানাহা মোৰ চিত্তক।
শৰণাগতক   মঞি আতুৰক
   উপেক্ষা কৰা কিসক।।
হে কৃষ্ণদেৱ    মঞি আতুৰক
চৰণে কৰা উদ্ধাৰ।
তিনি তাপময়        সংসাৰ-নিকাৰ
 সহিতে নপাৰো আৰ।।
বাহিৰে ভিতৰে   তুমি হৰি গুৰু
 আছাহা চৈতন্য-ৰূপে।
দিয়োক সুমতি     তুমি বিনে গতি
নাহিকে কৈলো স্বৰূপে।।
হৰি ও হৰি      কৰুণা-সাগৰ
কৰিয়ো কৃপা আমাক।
প্ৰিয়তম আত্মা   সখা ইষ্ট গুৰু
মানিয়া আছো তোমাক।।
হে হৰি মোক    দুৰাচাৰ বুলি
 নকৰিবা পৰিহাৰ।
তুমি বিনে মহা-  পতিত পাৱন
 কোন দেব আছে আৰ।।
---------
---------
3
লেছাৰি
 ঈশ্বৰ-নিৰ্ণয়
কৃষ্ণ এক দেৱ দুখ-হাৰী   কাল মায়াদিৰো অধিকাৰী
   কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ   তান্ত বিনে আন নাহি কেৱ
  জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ।।
নমো নমো নিত্য নিৰঞ্জন   নাৰায়ণ শিৱ সনাতন
  অনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা।
পৰম পুৰুষ ভগৱন্ত      নাহি পূৰ্ব্বাপৰ আদি অন্ত
 তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা।।
ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী    কায়-বাক্য মনে থিৰ কৰি
  পৰম আনন্দে চৰণ সেৱন্ত যাৰ।
সদা জন্ম-মৃত্যু জৰাহীন   শ্ৰীমন্ত সুন্দৰ গুণনিধি
 বিষ্ণুত বিনাই কোন দেৱ আছে আৰ।।
যাৰ পাদোদকে দেৱী গঙ্গা  যাৰ বাক্যে হুয়া আছে বেদ
  পৰম পতিতো তৰয় যাহাৰ নামে।
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো   পৰম কাৰণ নাৰায়ণ
 হেন ঈশ্বৰক নভজয় কোন কামে।।
অপাৰ সংসাৰ সিন্ধু আৰ     বিষ্ণুসে পৰম পাৰ যত
 পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে।
তেন্তে তুমি জানা ব্ৰহ্ম-পাৰ   পৰ-পাৰ-ভূত যত পাৰ
  তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে।।
--------::::--------
কাকূতি
কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম ৰাম।
মহাবলৱন্ত দূৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম।।
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান-আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ-নাম-ভকতি-প্ৰদীপ চাওঁ ৰাম ৰাম।।
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোত পৰে জ্ঞান-শূন্য হীন-মতি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপা-ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদ-ছায়া-তলে ঠাই ৰাম ৰাম।।
--------::::--------
গুৰু ভতিমা
জয় গুৰু শঙ্কৰ      সৰ্ব্ব গুণাকৰ
  যাকেৰি নাহিকে উপাম।
তোহাৰি চৰণকু      ৰেণু শতকোটি
  বাৰেক কৰোহোঁ প্ৰণাম।।
দৰশিত সুন্দৰ    গৌৰ কলেৱৰ
   যৈছন সুৰ পৰকাশ।
সকল সভাসদ    ৰঞ্জন যাকেৰি
   দৰশনে পাপ বিনাশ।।
বিনে অঙ্গভূষণ     পেথি সুশোভন
   গহীন গম্ভীৰ ধীৰ মতি।
আয়ত কমল     নয়ন বৰ সুন্দৰ
   বয়ন চান্দকহু জ্যোতি।।
লীলা গজপতি     গমন বিলোকন
   বাণী মেঘ গম্ভীৰ।
পাষণ্ড মৰ্দ্দন     কলিকো কালে
   যাকু সম নাহি ধীৰ।।
যোহি নাৰায়ণ     মায়াক বিস্তাৰি
   কৰু ত্ৰিজগত নিৰমাণ।
সনক সনাতন      যোগী যাকেৰি
   মহিমা কবহু নজান।।
সকল চৰাচৰ    পালনকাৰী
   যো হৰি দেৱক দেৱা।
চতুৰ বয়ন শিৱ    সুৰপতি যাকেৰি
   কৰু নিত্য চৰণহি সেৱা।।
চাৰি বেদ সৱ     শিৰোমণি মাজে
   যাকেৰি চৰণ বিকাশ।
সোহি দেৱক     কয়লি কলিকো
   শঙ্কৰ দেৱ পৰকাশ।।
ত্ৰিভূবন বন্দন     দৈৱকী নন্দন
   যো হৰি মাৰল কংস।
জগত তাৰণ    দেৱ নাৰায়ণ
   শঙ্কৰ তাকেৰি অংশ।।
মায়া নৰতনু     ধৰি হৰি ভকতি
   কয়লি বহু পৰচাৰ।।
সব নৰ পাপ    পয়োধি মজ্জল
   তাহে কয়লি উদ্ধাৰ।।
অবনিশি চাৰি     বেদ বিচাৰি
   বেকত কৰু হৰি নাম।।
যাকেৰি বয়নে    মিলাই গাই
   পাই মনোৰথ কাম।।
পণ্ডিত মানি    বেদ বখানি
   গৰব কয়লি সব চূৰ।
গীত কৱিত্ব গুণ    শঙ্কৰ দেৱৰ
   কীৰিতি গয়ো বহু দূৰ।।
শ্ৰীযশ দান     মান ভূত দয়া
  সব গুণ সম্পন্ন ঠিক।
ভকতক ভকতি     দানে কৰে গুৰু
  দায়া তনয় অধিক।।
হৰিক মূৰুতি     শুৰুতি মন মগন
  মজ্জল আনন্দ-সিন্ধ।
ঐছন নিৰমল    হৃদয়ে বিকাশিত
  ভকত কুমুদকুল ইন্দু।।
নিজ কুল তাৰি     ভকতি বিস্তাৰি
বান্ধল হৰিগুণ সেতু।
কলিযুগে পাপ-    পয়োধি সৱ নৰ
  তাৰণ কাৰণ হেতু।।
ভকতি ভাণ্ডাৰ     দ্বাৰসৱ ছোড়ি
  মুকুতি কয়লি উদাস।
এক শৰণ হৰি    নাম ধৰম কহো
  ৰাজা কৰু পৰকাশ।।
কি কহব শঙ্কৰ     দেৱৰ মহিমা
  জানি অন্ত নাপাই।
যাকেৰি চৰণক    ৰেণু শিৰে পৰশি
  মুকুতি সুখ সুখে পায়।।
মাধৱ দীন    মুৰখমতি কহয়
  বাণী শুন সব লোই।
বিনে গুৰু চৰণ    ভকতি ৰকতি
  মুকুতি কবহু নহোই।।
ওহি পৰম তত্ব    বেদকো বাণী
  জানি নৰ নকৰ বিৰাম।
ধৰমক কৰমক     গৰৱক ছোড়ি
  ডাকি বোলহু ৰাম ৰাম।।
------++++++-------
শৰণ
হৰি-পদ-সেৱা     নকৰে নিমিত্তে
     মায়ায়ে বান্ধি ফুৰাৱে।
তাৱত মায়াক     নতৰে হৰিত
    শৰণ নলৱে যাৱে।।
মঞি দুৰাচাৰ     কেৱলে তোমাৰ
    অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি    লৈয়ো দাস কৰি
    পশিলো হেৰা শৰণ।।
হে কৃষ্ণস্বামী     তযু পাৱে আমি
   কেৱল শৰণ চাঞো।
কৰা অনুগ্ৰহ     মায়াৰ নিগ্ৰহ
    তেৱেসে প্ৰভু এৰাঞো।।
হে যদুপতি      মঞি মূঢ়মতি
    নজানো সেৱা তোমাৰ।
কেৱল তোমাৰ     চৰণ পঙ্কজে
   শৰণ কৰিলো সাৰ।।
পুৰুষ উত্তম       পৰম পুৰুষ
   পৰম আনন্দ স্বামী।
তযু পাদপদ্ম     মকৰন্দ আশে
   শৰণ পশিলো আমি।।
প্ৰভু ভগৱন্ত      অনন্ত ঈশ্বৰ
   প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়তম    পৰম দেৱতা
   জানিয়া লৈলো শৰণ।।
প্ৰাৰ্থনা
ব্ৰহ্মা আদি কৰি জীৱ যত       ৰাম ৰাম ৰাম ৰাম ৰাম
    মায়া-শয্যা মাজে আছয় ঘুমটি যাই।
তুমিসে চৈতন্য সনাতন       ৰাম ৰাম ৰাম ৰাম ৰাম
   আমি অচেতন নিয়োক নাথ জগাই।।
ক্ষুদ্ৰ সুখে বহু আশা কৰি     ভৱ-কূপে জীৱ আছে পৰি
   কাল সৰ্পে দংশি হৰাইল চেতন তাৰ।
মোক্ষৰূপ তযু বাক্যামৃত    কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
   দয়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ।।
সৰোবৰে গ্ৰাহে ধৰি আছে     গজেন্দ্ৰে পীড়াক পায়া পাছে
   আকাশে গৰুড়-স্কন্ধে চক্ৰ ধৰি হৰি।
দেখি সুবৰ্ণৰ পদ্ম ধৰি      বোল দুখে আৰ্তনাদ কৰি
  নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।।
মধু-ৰিপু ৰাম ৰঘুপতি      তুমি ভকতৰ নিজ গতি
   তোমাৰ চৰণে শৰণ কৰিলো সাৰ।
নমো দেৱ-দীন-দুখহাৰী   দয়াশীল দামোদৰ প্ৰভু
   আমি দুখিতক চৰণে কৰা উদ্ধাৰ।।
হে কৃষ্ণ তযু পাদ-পদ্ম        পঞ্জৰ ভিতৰে মোৰ মন
   ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বদা।
প্ৰাণ-প্ৰয়াণৰ সময়ত        কফ বাত পিত্ত আদি যত
   কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা।।
হে কৃষ্ণ পুত্ৰ-পত্নী সঙ্গ      তেজি তযু পদ চিন্তি নিত
   গৰ্ব্ব-শূন্য সন্তসৱৰ আশ্ৰমে যাইবো।
তাসম্বাৰ মুখ-পদ্মে বাজ     হুইবে তযু কথামৃত-নদী
   তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো।।
--------------
DISCLAIMER
The “Music of Assam” page is developed to collect the unique music of Assam in a platform i.e., jakhala.com, and is clearly for non-commercial purposes. I hope the “Music of Assam” page will help the younger generation of Assam to promote and practice the Assamese music. The said webpage will provide information about Assamese music to music lovers around the globe. I declare that I have no intention to violate the copyright of the music published in the “Music of Assam” page. If any element of a violation of the copyright of music is detected, kindly inform me to Email address bijoychetiajdb@gmail.com. Any information related to violation of the copyright of music will be removed immediately from the “Music of Assam” webpage.

Advertisements