Home » Rabha Sangeet

Rabha Sangeet

Bishnu Prasad Rabha

Rabha Sangeet composer 'Kalaguru' Bishnu Prasad Rabha
Bishnu Prasad Rabha

‘Kalaguru’ Bishnu Prasad Rabha composed much famous music, popularly known as the “Rabha Sangeet.” His popular, evergreen songs are valuable properties for Assamese culture. Some notable songs by Bishnu Prasad Rabha include ‘’Biswar Sande Sande’’ ‘’বিশ্বৰছন্দেছন্দে’’, ‘’Kuruwa Botahe O’’ ‘’কুৰুৱাবতাহেঅ’’’, ‘’Parajanamar Subha Laganat’’ ‘’পৰজনমৰশুভলগনত’’, ‘’Surare Deolare’’ ‘’সুৰৰেদেউলৰে’’, ‘’Jaya Nai Jaya Nai’’ ‘’জয়ানাইজয়ানাই’’, ‘’Guru Mur Sankar’’ ‘’অ’ গুৰুমোৰশংকৰ’’, and others. There are some lyrics of Rabha Sangeet on the page, and everyone can listen to the songs.

Lyrics of Rabha Sangeet in Assamese Language

(Rabha Sangeet) BISWAR SANDE SANDE ……….

বিশ্বৰ ছন্দে ছন্দে
 
বিশ্বৰ ছন্দে ছন্দে
   মহানন্দে আনন্দে
নাচা
   নাচা তমোহৰ দেউ !
নাচা !
বন্দে বন্দে
   আজি সৱ
ভকত বৃন্দে
   বন্দে ।
তব চৰণ কমল
   বন্দে ।
জ্বলোৱা সাগ্নিক
   তপো-হোম-বহ্নি
বিনাশক এন্ধাৰ
   তব জয়ী অগ্নি
বিশ্বৰে দেউলত
   জ্ঞানৰে বন্তিৰ
আলোকৰে শিখা
   উঠক নাচি
অজ্ঞান এন্ধাৰ
   বিনাশি
   পুলকানন্দে
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি
আমোল মোলে কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে ।
--------:::--------
Biswar sande sande …

Advertisements

KURUWA BOTAHE O …….

কুৰুৱা বতাহে অ'

কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
চিঞৰি মাতিলে অ' ঊষা
অ' ঊষা অ' ঊষা অ'
পুৱতি নিশাৰে অ'
তৰাৰে চাকিৰে
শলিতা এদালি নিজানতে জ্বলি
ঢিমিকি ঢিমিকি খীণকৈ জিলিকি
মেলানি মাগিলে অ' ঊষা
অ' ঊষা অ' ঊষা অ'
বৰনৈ বালিতে অ'
চৰাই উলাহতে
উমলি উমলি জোকাৰি উৰুলি
নামকে জুৰিলে অ' ঊষা
অ' ঊষা অ' ঊষা অ' ।।
--------::::--------
KURUWA BOTAHE O …….
Advertisements

PARAJANAMAR SUBHA LAGANAT ……….

পৰজনমৰ শুভ লগনত

পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা ।
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা ।
শূন্য মোৰ বুকু হ'ল যে উকা ।
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকনি নিবিলায় ।
এই জনমৰ গোপন কথা
গুপুতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত অঁকা ।
-----------::::---------
PARAJANAMAR SUBHA LAGANAT

SURARE DEOLARE …………..

সু্ৰৰে দেউলৰে

সুৰৰে দেউলৰে
  ৰূপৰে শিকলি
     ভাঙি দিলি খুলি
       দুৱাৰ সোণোৱালী,
         পূজাৰী অ'
            সুন্দৰ পূজাৰী ।
যাউতি যুগীয়া
   বৰগীত অমিয়া
     বনগীত সুৰীয়া
       গোৱা অসমীয়া
         প্ৰাণ মন ভৰি !
           পূজাৰী অ'
             সুন্দৰ পূজাৰী ।
তোৰে পৰশতে
    প্ৰাণৰে হৰিষে
      তিয়াগি সুপুতি
        পায় ঐ মুকুতি
           ৰাগৰে মূৰতি
             উটি ভাহি ফুৰে উৰি
               পূজাৰী অ'
                  সুন্দৰ পূজাৰী ।
শংখ বজোৱা
     বৰকাঁহ বজোৱা
        আঁৰতি লগোৱা
          বন্তি জ্বলোৱা
            অতি উলাহেৰে
              আদৰি ।
                পূজাৰী অ'
                    সুন্দৰ পূজাৰী ।
---------::::---------
SURARE DEOLORE …

BILOTE HALISE DHUNIA …………….

বিলতে হালিছে ধুনীয়া পদুমী
 
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল।।
গছৰে ডালতে গাইছে কুলীয়ে
কুউ কুউ কই।
দূৰ দূৰণিতে জুৰিটি নাচিছে
জিৰি জিৰি জিৰি জিৰি কই
নিজান বননিতে কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰ'ই।।
-------:::::---------
BILOTE HALISE
Advertisements

NAHAR PHULE NUHUWAI ……..

নাহৰ ফুলে নুশুৱায়
 
নাহৰ ফুলে নুশুৱায়
      তগৰ ফুলে শুৱাব ।
তগৰ ফুলে নুশুৱায়
     কপৌ ফুলে শুৱাব ।
কপৌ ফুলে নুশুৱায়
     যদি, ঘিলা খোপাতে মোৰ,
হিয়া ফুলে এপাহি দিম
     গুজি খোপাতে মনোহৰ ।
মহাসাগৰ সিঁচি আনিম
     সাত মাণিকৰে ধন
মেঘৰ বুকু ফালি চিঙিম
    বিজুলী ফুল শুৱন
মাণিক ফুলে নুশুৱায়
    যদি সাতসৰীতে মোৰ
হিয়া ফালি পিন্ধাম
   তেজাল পোৱালমণি মোৰ।
--------::::--------
NAHAR FULE

(Rabha Sangeet) nisala aire ami ……

নিচলা আইৰে

নিচলা আইৰে
আমি খাটি অসমীয়া
অসমী আইৰে আমি
ছোৱালী ধুনীয়া
ধৰণী শুৱাই থকা
অতি মোহনীয়া ।
খোপাত কপৌ ফুল
হাতত জেতুকাৰ বোল
মুখত কিহৰ বোল
সজোৱা বলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ
আগবাঢ়ি যোৱা ।
কবিতাৰে মোহচন্দ
পাহৰি পেলোৱা অ'
পাহৰি পেলোৱা
বিলাসিনীৰ বেশ ধৰি
অগণি জ্বলোৱা অ' জ্বলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ
আগবাঢ়ি যোৱা ।
--------::::---------
NISOLA AIRE

AJOLI SUWALI ………

আজলী ছোৱালী

আজলী ছোৱালী
নানা ফুলে তুলি
আনিলো আঁচল ভৰাই।
সজাই ফুলেৰে
অতি যতনেৰে
বৰানো বৰণ শৰাই।।
মলয়া ছাটিয়ে
আহে জাকি মাৰি
উলাহত নাচি নাচি যায়।
কুলি কেতেকীয়ে
বিৰিখে বিৰিখে
উলাহত গীত গাই যায়।।
----------::::---------
AJOLI SUWALI

KAKHOTE KOLOCI LOI ……..

কাষতে কলচি ল'ই
 
কাষতে কলচি ল'ই
যাই অ' ৰচকী বাই
সপোনৰ সঁফুৰা চকুজুৰি লৈ
মৰমৰ অমিয়া ভৰাই
অ' ৰচকী বাই
যাই অ' ৰচকী বাই।।
ৰাংঢালী ওঁঠেদি বনগীত এফাকি
জ্বলাই শুৱলা সু্ৰৰে এচাকি
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
যাই অ' ৰচকী বাই।।
মলয়াৰ চুমাৰে ক'লা চুলিটাৰি
ভূতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
যাই অ' ৰচকী বাই ।।
---------:::::----------
KAKHOTE KOLOSI LOI
Advertisements

JAYA NAI JAYA NAI …..

জয়া নাই জয়া নাই

জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই।।
জয়সাগৰত বুকুৰ মাজত
উঠে চকুলোৰে ঢল,
মলয়াই তোলে
হিয়াভগা সুৰ,
কৰুণ বিননী ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই।।
তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি,
কলিজাৰ চাকি জালিলে দীপালি
বুকুৰ অগনি জালি,
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি,
স্বামীকো তৰিলে দেশকো ৰাখিলে
নিজকেই দিলে বলি,
জয় দেউলৰ শিলত বোলালে
সোণৰ গৰিমা বোল,
আজিও কুলিয়ে কলচিত বহি
তোলে বিননী ৰোল,
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই।।
সেই সাগৰৰ তেজৰ টুপিৰে
শুনোৱা ৰাঙলি তুলি,
জ্বলোৱা দীপালি চাকিৰ তীখাৰে
হৃদয় শলিতা জালি,
উঠা অসমৰ গাভৰু ছোৱালী
জাগা অসমীয়া দল,
আজিও জয়া হিয়াতেই আছে
নুতুলিবা তেনে ৰোল,
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই।।
------------::::-------------
JOYA NAI JOYA NAI
Advertisements

BOL BOL BOL KRIKHOK SAKTI …….

ব'ল ব'ল ব'ল কৃষক শক্তি দল

ব'ল ব'ল ব'ল
কৃষক শক্তি দল ।
অ' বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ ব'ল ।
জাগ্ জাগ্ জাগ্ জাগ্
মজদুৰ নজোৱান ।
নিৰ্যাতিত নিপীড়িত
কৃষক শক্তিমান ।
তোৰ বাহুতে আছে লুকাই
অসীম শক্তি বল ।
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ ব'ল ।
কিহৰনো ভয় আছে অভয়
বাণী দেৱতাৰ
শতৰু সউ চৌপাশে ৰয়
ধনী জমিদাৰ
শোঁহে কলিজাৰ ৰঙা তেজ
প্ৰজা দুখীয়াৰ ।
ধ্বংস কৰ্ ধ্বংস কৰ্
ধনীৰ অহংকাৰ
দয়া মায়া নকৰিবি
ক্ষমাৰ দিন যে গ'ল
হাল, কোৰ, দা, হাতুৰী লৈ
ৰণলৈ যাওঁ ব'ল ।।
তই খুৱাৱ বিশ্ববাসীক
মাটি ফালি ধান
তই যোগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল ।
নাঙল, কাঁচি, হাতুৰী দাৰ
যাদুকৰী ফল ।
নাঙল জোৰা শকতি যাৰ
সেই শকতিৰ দল
ৰঙা তেজৰ নিচানটি লৈ
আগবাঢ়ি যাওঁ বল।।
-------::::---------
BOL BOL BOL KRIKHAK

AJI MONDiR DUWAR ……..

(আজি) মন্দিৰ দুৱাৰ খোলা

(আজি) মন্দিৰ দুৱাৰ খোলা !
বহে মিলনৰ উৎসৱ মেলা !
শুনো মংগল আৰতি গান
নাচি উঠে ভকতৰে প্ৰাণ ।
অ' তোৰ হ'ল যে পূজাৰে বেলা ।
মন্দিৰ দুৱাৰ খোলা ।
স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুস্পিত মন্দিৰ কানন বীথি ।
ফুলনিৰ তল সৰা
তুলি ফুল মনোহৰা
গাথিলোঁ উলাহে মালা
অ' তোৰ হ'ল যে পূজাৰে বেলা
মন্দিৰ দুৱাৰ খোলা ।
------::::------
AJI MANDIAR DUAR KHULA

MUR KABITAR SANDA LAGI …..

মোৰ কবিতাৰ ছন্দ লাগি

মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে?
নাচে তৰা ছন্দে ছন্দে
বিশ্বভৰা মহানন্দে
সেই উলাহতে হৰষ লাগি
হিয়াত নাচোন উঠে নে?
ৰন্ধ্ৰ ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ!
ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোল-মোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচে নে ?
---------::::-----------
MOR KOBITAR SANDA LAGI

TILAI TILAI ……..

টিলাই টিলাই ঘূৰি ফুৰে

টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খামটি ছোৱালী।
ঘন ক'লীয়া মেঘৰে
আঁৰে আঁৰে
ৰঙ মনেৰে খেলি ফুৰে
নাচনী বিজুলী।
টিলাই ...
বনৰে বনৰীয়া
ডেকাকে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙত উজলি।
টিলাই ....
পোৱালেৰে ৰঙা মণি
তাইৰে গাল দুখনি
বুকুত লৰি আভা ঢালি
কৰে ৰাঙলী
লাজতে লাজুকি তাই
মিচিকি হাঁহিৰে তাই
দুটি নয়নৰ পাহি মেলি
খামটি ছোৱালী
কাষ চাপোতেই
তাৰে বুকুত পৰে ঢলি
খামটি ছোৱালী।
টিলাই ...
-----------::::-----------
TILAI TILAI

GURU MUR SANKAR …..

অ' গুৰু মোৰ শংকৰ

অ' গুৰু মোৰ শংকৰ
তৰিবৰ এ কিনো উপায়।
অ' গুৰু অ' -
ভাটিলৈ যাবলৈ শ্ৰীশংকৰ গুৰু অ'
বালিতে বান্ধিলা পঁজা, হে' ৰাম ৰাম
ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘোষা, হে' ৰাম ৰাম
অ' গুৰু অ'
নাও শিমলুৱা, বঠা শিমলুৱা অ'
আৰু শিমলুৱা চৈ, হে ৰাম ৰাম
আৰু শিমলুৱা চৈ।
চৈৰে ভিতৰে গুৰুজন বহিছে
ছকুৰি ভকতক লৈ, হে ৰাম ৰাম
ছকুৰি ভকতক লৈ
অ' গুৰু অ'
সেই নাওখনিতে শিলে ভৰা দিলা
অ' নাও বুৰো বুৰো কৰে, হে' ৰাম ৰাম
নাও বুৰো বুৰো কৰে
নাও বুৰা দেখি শ্ৰীশংকৰ গুৰু
আপুনি কান্ধ পাতি ধৰে, অ' গুৰু
আপুনি কান্ধ পাতি ধৰে।
অ' গুৰু অ'
মাজ সাগৰতে একেডাল বিৰিখ অ'
তাতে নানান পখীৰ ছায়া হে' ৰাম ৰাম
তাতে নানান পখীৰ ছায়া
ৰজনী পুৱালে দশোদিশে গ'লে
এৰিলে বিৰিখৰ মায়া, হে' ৰাম ৰাম
এৰিলে বিৰিখৰ মায়া।
অ' গুৰু মোৰ শংকৰ।
----------:::::-----------
GURU MUR SANKAR ………
DISCLAIMER The “Music of Assam” page is developed to collect the unique music of Assam on a platform, i.e., jakhala.com, and is clearly for non-commercial purposes. I hope the “Music of Assam” page will help the younger generation of Assam promote and practise Assamese music. The said webpage will provide information about Assamese music to music lovers around the globe. I declare that I have no intention to violate the copyright of the music published on the “Music of Assam” page. If any element of a music copyright violation is discovered, please notify me at bijoychetiajdb@gmail.com. Any information related to a violation of the copyright of music will be removed immediately from the “Music of Assam” webpage.
%d bloggers like this: